Wednesday, October 28, 2026

Class 8 Social Science Chapter 8 Question Answer Assamese Medium

Class 8 Social Science Chapter 8 Question Answer Assamese Medium

Class 8 Social Science Chapter 8 Question Answer Assamese Medium


Class 8 Social Science Chapter 8 Question Answer Assamese Medium: ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Class 8 Social Science Geography Chapter 8. Here you can avail class 8 Social Science Chapter 8 Question Answer Assamese Medium. 



Class 8 Social Science Chapter 8 Important MCQ Assamese Medium Geography | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Class 8 All Question Answer

১। মানচিত্ৰত স্কেল বা মাপনী নথকা চিত্ৰক কি বোলা হয় ? 

(ক) প্ৰাকৃতিক মানচিত্ৰ

(খ) আৰ্হি চিত্ৰ

(গ) বিষয়ভিত্তিক মানচিত্ৰ

(ঘ) ৰৈখিক চিত্ৰ

উত্তৰঃ (খ) আৰ্হি চিত্ৰ


২। মানচিত্ৰ অংকনত সাধাৰণতে কেই প্ৰকাৰৰ স্কেল বা মাপনী ব্যৱহাৰ কৰা হয় ? 

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

(ঘ) পাঁচ প্ৰকাৰৰ

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ


৩। আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক’ত উদ্ধাৰ হৈছে ? 

(ক) মিছৰত

(খ) চীনত

(গ) মেছ’পটেমিয়াত

(ঘ) ভাৰতত

উত্তৰঃ (গ) মেছ’পটেমিয়াত (বৰ্তমান ইৰাক)


৪। দূৰ সংবেদন (Remote Sensing) প্ৰযুক্তিত তথ্য আহৰণৰ বাবে কি ব্যৱহাৰ কৰা হয় ? 

(ক) থাৰ্মোমিটাৰ

(খ) সংবেদক

(গ) কম্পাছ

(ঘ) ছপা যন্ত্ৰ

উত্তৰঃ (খ) সংবেদক


৫। পৃথিৱীৰ উপৰিভাগৰ অৱস্থান, দ্ৰাঘিমাংশ, অক্ষাংশ আৰু উচ্চতা নিৰ্ণয় কৰিবলৈ কোনটো ব্যৱস্থা ব্যৱহাৰ কৰা হয় ? 

(ক) GIS

(খ) GPS

(গ) ছপা যন্ত্ৰ

(ঘ) আৰ্হি চিত্ৰ

উত্তৰঃ (খ) GPS


৬। ভাৰতত 'ছাৰ্ভেয়ৰ জেনেৰেল অৱ ইণ্ডিয়া' (Surveyor General of India) নামৰ প্ৰতিষ্ঠানটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ? 

(ক) ১৭৫৭ চনত

(খ) ১৭৬৭ চনত

(গ) ১৮৫৭ চনত

(ঘ) ১৯০১ চনত

উত্তৰঃ (খ) ১৭৬৭ চনত


৭। বতৰ আৰু জলবায়ু দেখুৱাবলৈ অংকন কৰা মানচিত্ৰসমূহ কি প্ৰকাৰৰ মানচিত্ৰ ? 

(ক) বিশেষ বিষয়ভিত্তিক মানচিত্ৰ

(খ) স্কেল নথকা চিত্ৰ

(গ) ৰৈখিক স্কেল

(ঘ) আৰ্হি চিত্ৰ

উত্তৰঃ (ক) বিশেষ বিষয়ভিত্তিক মানচিত্ৰ


৮। প্ৰাচীন মিছৰত কোনটো নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰা হৈছিল ? 

(ক) আমাজান নদী

(খ) নীল নদী

(গ) গংগা নদী

(ঘ) সিন্ধু নদী

উত্তৰঃ (খ) নীল নদী


৯। ভাৰতত প্ৰথমতে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কোনে কৰিছিল ? 

(ক) মোগলসকলে

(খ) ইংৰাজসকলে

(গ) চীনা ভ্ৰমণকাৰীসকলে

(ঘ) ফৰাচীসকলে

উত্তৰঃ (খ) ইংৰাজসকলে


১০। ইউৰোপত কোনটো যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতকৰণত ব্যাপক পৰিবৰ্তন আনিলে ? 

(ক) কম্পিউটাৰ

(খ) ছপা যন্ত্ৰ

(গ) সংবেদক

(ঘ) কেমেৰা

উত্তৰঃ (খ) ছপা যন্ত্ৰ (Printing Press)


১১। কোনটো বিপ্লৱৰ পিছত বিস্তৃতভাৱে বিষয়ভিত্তিক মানচিত্ৰ (Thematic Maps) তৈয়াৰ হ’বলৈ ধৰে ? 

(ক) ফৰাচী বিপ্লৱ

(খ) উদ্যোগিক বিপ্লৱ

(গ) সেউজ বিপ্লৱ

(ঘ) কৃষি বিপ্লৱ

উত্তৰঃ (খ) উদ্যোগিক বিপ্লৱ


১২। আকাশযান বা কৃত্রিম উপগ্ৰহত সংবেদক সংস্থাপন কৰি তথ্য সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো কোনটো ব্যৱস্থাৰ অংশ ? 

(ক) আৰ্হি চিত্ৰ

(খ) দূৰ সংবেদন

(গ) ভাষাৰ স্কেল

(ঘ) টেৰাকোটা পদ্ধতি

উত্তৰঃ (খ) দূৰ সংবেদন (Remote Sensing)


১৩। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত স্কেল বা মাপনীৰ ধাৰণাৰে প্ৰথম মানচিত্ৰ অংকন কৰা দেশখন কোনখন আছিল ? 

(ক) ভাৰত

(খ) চীন দেশ

(গ) গ্ৰীচ

(ঘ) ইৰাক

উত্তৰঃ (খ) চীন দেশ


১৪। সৰল ৰেখাৰ সহায়ত প্ৰকাশ কৰা আৰু বাওঁফালে মিলিমিটাৰ অংশত ভাগ কৰা স্কেলবিধ কি ? 

(ক) ভাষা বা উক্তিৰ স্কেল

(খ) ৰৈখিক স্কেল

(গ) নিৰূপক ভগ্নাংশৰ স্কেল

(ঘ) উক্তি স্কেল

উত্তৰঃ (খ) ৰৈখিক স্কেল (Graphical Scale)


১৫। প্ৰাচীন কালত মেছ’পটেমিয়াত মানচিত্ৰসমূহ ক’ত অংকন কৰা হৈছিল ? 

(ক) কাগজত

(খ) গছৰ ছালত

(গ) পোৰা মাটিৰ টেৰাকোটা ফলকত

(ঘ) কাপোৰত

উত্তৰঃ (গ) পোৰা মাটিৰ টেৰাকোটা ফলকত


১৬। প্ৰাচীন কালত ভাৰতত ৰজা-মহাৰাজসকলে মানচিত্ৰ কি উদ্দেশ্যত তৈয়াৰ কৰিছিল ? 

(ক) কেৱল নদী-পাহাৰ দেখুৱাবলৈ

(খ) নিজৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ

(গ) বতৰৰ পূৰ্বানুমান কৰিবলৈ

(ঘ) মহাকাশৰ গ্ৰহ নিৰীক্ষণ কৰিবলৈ

উত্তৰঃ (খ) নিজৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ


১৭। GPS-ৰ সম্পূৰ্ণ নাম কি ? 

(ক) Geographic Positioning System

(খ) Global Positioning System

(গ) General Processing System

(ঘ) Global Photo System

উত্তৰঃ (খ) Global Positioning System (গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা)


১৮। GIS-ৰ সম্পূৰ্ণ নাম কি ? 

(ক) Geographical Information System

(খ) Global Information Service

(গ) General Image System

(ঘ) Geographical Index System

উত্তৰঃ (ক) Geographical Information System (ভৌগোলিক তথ্য ব্যৱস্থা)


১৯। ভাৰতত খ্ৰীষ্টপূৰ্ব কিমান চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ? 

(ক) খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ পৰা

(খ) খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা

(গ) খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ পৰা

(ঘ) খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰা

উত্তৰঃ (ঘ) খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰা


২০। মহাসমুদ্ৰৰ বিশাল বুকুত জাহাজ চলোৱা বা জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয়ৰ বাবে প্ৰধানকৈ কোনটো প্ৰযুক্তি ব্যৱহাৰ কৰা হয় ? 

(ক) স্কেল বা মাপনী

(খ) GPS

(গ) আৰ্হি চিত্ৰ

(ঘ) ছপা যন্ত্ৰ

উত্তৰঃ (খ) GPS (Global Positioning System)


২১। তলৰ কোনটো কম্পিউটাৰভিত্তিক ব্যৱস্থাই স্থানিক তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ আৰু প্ৰদৰ্শন আদি কাৰ্য সম্পাদন কৰে ? 

(ক) GPS

(খ) GIS

(গ) ছপা যন্ত্ৰ

(ঘ) আৰ্হি চিত্ৰ

উত্তৰ: (খ) GIS (ভৌগোলিক তথ্য ব্যৱস্থা)


২২। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুওৱা প্ৰাচীন যুগৰ পণ্ডিতগৰাকী কোন আছিল ? (ক) ইৰাট’স্থেনিচ

(খ) ট’লেমি

(গ) কাৰ্ল ৰিটাৰ

(ঘ) উইলিয়াম লেমটন

উত্তৰঃ (খ) ট’লেমি (খ্ৰীষ্টপূৰ্ব ৯০-১৬৮)


২৩। ‘১ চেণ্টিমিটাৰ = ১০ কিল’মিটাৰ’ — এই স্কেলবিধ কোনটো স্কেলৰ উদাহৰণ ? 

(ক) নিৰূপক ভগ্নাংশৰ স্কেল

(খ) ৰৈখিক স্কেল

(গ) ভাষা বা উক্তিৰ স্কেল

(ঘ) অনুপাত স্কেল

উত্তৰঃ (গ) ভাষা বা উক্তিৰ স্কেল (Scale of Statement)


২৪। কোনো এটা বস্তু বা পদাৰ্থ স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰাই নিৰীক্ষণ কৰি তথ্য আহৰণ কৰা প্ৰযুক্তিক কি বোলে ? 

(ক) ভৌগোলিক তথ্য ব্যৱস্থা

(খ) দূৰ সংবেদন

(গ) গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা

(ঘ) কাৰ্ট’গ্ৰাফী

উত্তৰঃ (খ) দূৰ সংবেদন (Remote Sensing)


২৫। স্থানিক তথ্য প্ৰযুক্তি (Spatial Information Technology) বুলি ক’লে সাধাৰণতে কোন তিনিটা পদ্ধতি সামৰি লোৱা হয় ?

(ক) মানচিত্ৰ, কম্পাছ আৰু স্কেল

(খ) দূৰ সংবেদন, GIS আৰু GPS

(গ) কম্পিউটাৰ, ছপা যন্ত্ৰ আৰু প্ৰিণ্টাৰ

(ঘ) ৰৈখিক লেখ, স্তম্ভ লেখ আৰু বৃত্ত চিত্ৰ

উত্তৰঃ (খ) দূৰ সংবেদন, GIS আৰু GPS