Class 8 Science Chapter 10 MCQ with Answers Assamese Medium
Class 8 Science Chapter 10 MCQ with Answers Assamese Medium: অষ্টম শ্ৰেণীৰ আমাৰ বিজ্ঞান বিষয়ৰ পাঠ নং ১০ 'কোষ-গঠন আৰু কাৰ্য' (Cell - Structure and Function). Here you can avail Class 8 Science Chapter 10 MCQ with Answers Assamese Medium.
Class 8 Science Chapter 10 Question Answer Assamese Medium pdf | Class 8 Science Chapter 11 Question Answer Assamese Medium
১। ৰবাৰ্ট হুকে কোন চনত প্ৰথমবাৰৰ বাবে কোষ আৱিষ্কাৰ কৰিছিল ?
(A) ১৬৫৫ চনত
(B) ১৬৬৫ চনত
(C) ১৬৭৫ চনত
(D) ১৬৮৫ চনত
উত্তৰঃ (B) ১৬৬৫ চনত
২। ৰবাৰ্ট হুকে অণুবীক্ষণ যন্ত্ৰত পৰ্যবেক্ষণ কৰা 'কৰ্ক' অংশটো প্ৰকৃততে কি আছিল ?
(A) গছৰ ফুলৰ পাপৰি
(B) গছৰ পাতৰ সেউজীয়া কলা
(C) গা-গছৰ বাকলিৰ এটা অংশ
(D) গছৰ শিপাৰ একেবাৰে তলৰ অংশ
উত্তৰঃ (C) গা-গছৰ বাকলিৰ এটা অংশ
৩। ৰবাৰ্ট হুকে পৰ্যবেক্ষণ কৰা কৰ্কৰ কোষবোৰ প্ৰকৃততে কেনেকুৱা আছিল ?
(A) জীৱিত কোষ
(B) মৃত কোষ
(C) এককোষী জীৱ
(D) বেক্টেৰিয়া কোষ
উত্তৰঃ (B) মৃত কোষ
৪। জীৱদেহত থকা মৌলিক গঠনগত গোট বা একক কি ?
(A) অঙ্গ
(B) কলা
(C) কোষ
(D) পাচন তন্ত্ৰ
উত্তৰঃ (C) কোষ
৫। তলত দিয়া জীৱসমূহৰ ভিতৰত কোনটো এককোষী জীৱ ?
(A) পেৰামেচিয়াম
(B) কেঁচুমূৰীয়া শাঁখিনী
(C) আমগছ
(D) নিগনি
উত্তৰঃ (A) পেৰামেচিয়াম
৬। মানুহৰ তেজত থকা কোনবিধ কোষে এমিবাৰ দৰে নিজৰ আকৃতি সলনি কৰিব পাৰে ?
(A) লোহিত ৰক্ত কণিকা (RBC)
(B) শ্বেত ৰক্ত কোষ (WBC)
(C) অনুচক্ৰিকা (Platelet)
(D) স্নায়ুকোষ
উত্তৰঃ (B) শ্বেত ৰক্ত কোষ (WBC)
৭। উদ্ভিদ কোষত কোষাবৰণৰ বাহিৰফালে থকা অতিৰিক্ত ডাঠ আৱৰণখনক কি বোলে ?
(A) কোষপ্ৰৰস
(B) কোষবেৰ (Cell wall)
(C) কোষকেন্দ্ৰীয় আৱৰণ
(D) প্লাষ্টিড
উত্তৰঃ (B) কোষবেৰ (Cell wall)
৮। উদ্ভিদ কোষৰ কোষপ্ৰৰসত সিঁচৰতি হৈ থকা ৰঙীন গঠনবোৰক কি বোলে ?
(A) বসংধানী
(B) প্লাষ্টিড (Plastids)
(C) নিউক্লিয়'লাছ
(D) ক্ৰম'জ'ম
উত্তৰঃ (B) প্লাষ্টিড (Plastids)
৯। তলৰ কোনটো এককোষী জীৱৰ (Unicellular organism) উদাহৰণ ?
(A) মানুহ
(B) এমিবা
(C) হাতী
(D) আম গছ
উত্তৰঃ (B) এমিবা
১০। মানুহৰ দেহৰ লোহিত ৰক্ত কণিকাৰ (RBC) আকৃতি কেনেকুৱা ?
(A) মাকো আকাৰৰ
(B) গোলাকাৰ
(C) দীঘল আৰু শাখাযুক্ত
(D) অনিয়মীয়া
উত্তৰঃ (B) গোলাকাৰ
১১। দেহত বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰা কোষবিধ কি ?
(A) পেশী কোষ
(B) লোহিত ৰক্ত কণিকা
(C) স্নায়ুকোষ
(D) এপিথেলিয়েল কোষ
উত্তৰঃ (C) স্নায়ুকোষ
১২। সালোক সংশ্লেষণৰ বাবে অতি প্ৰয়োজনীয় ক্ল'ৰ'ফিল থকা সেউজীয়া প্লাষ্টিডবোৰক কি বোলে ?
(A) ক্ৰ'ম'প্লাষ্ট
(B) ক্ল'ৰ'প্লাষ্ট বা হৰিৎকণা (Chloroplast)
(C) লিউ'ক'প্লাষ্ট
(D) বসংধানী
উত্তৰঃ (B) ক্ল'ৰ'প্লাষ্ট বা হৰিৎকণা (Chloroplast)
১৩। জীৱজগতৰ আটাইতকৈ ডাঙৰ কোষটো কি ?
(A) মানুহৰ স্নায়ুকোষ
(B) হাতীৰ যকৃৎ কোষ
(C) উট চৰাইৰ কণী
(D) কুকুৰাৰ কণী
উত্তৰঃ (C) উট চৰাইৰ কণী
১৪। কোষকেন্দ্ৰত থকা সূতাৰ দৰে পকোৱা গঠনবোৰক কি বোলা হয় ?
(A) সাইটোপ্লাজম
(B) ক্ৰম'জ'ম
(C) প্লাষ্টিড
(D) ৰাইব'জ'ম
উত্তৰঃ (B) ক্ৰম'জ'ম
Class 8 Science Chapter 10 Important MCQ Assamese Medium
১৫। তলৰ কোনটো কোষৰ মূল তিনিটা উপাদানৰ ভিতৰত নপৰে ?
(A) কোষাবৰণ
(B) কোষপ্ৰৰস
(C) কোষকেন্দ্ৰ
(D) প্লাষ্টিড
উত্তৰঃ (D) প্লাষ্টিড
১৬। কোষাবৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে পদাৰ্থখিনিক কি বোলা হয় ?
(A) কোষবেৰ
(B) কোষপ্ৰৰস
(C) প্ৰ'ট'প্লাজম
(D) ক্ৰম'জ'ম
উত্তৰঃ (B) কোষপ্ৰৰস (Cytoplasm)
১৭। ক্ৰম'জ'মত থকা আৰু পিতৃ-মাতৃৰ পৰা সন্তানলৈ বংশগত গুণ পৰিবহন কৰা উপাদানটো কি ?
(A) জিন
(B) প্লাষ্টিড
(C) এনজাইম
(D) হৰমন
উত্তৰঃ (A) জিন
১৮। জীৱিত কোষৰ কোষপ্ৰৰস আৰু কোষকেন্দ্ৰক একলগে কি বুলি জনা যায় ?
(A) ক্ৰ'ম'প্লাজম
(B) প্ৰ'ট'প্লাজম
(C) নিউক্লিয়'প্লাজম
(D) ৰাইব'জ'ম
উত্তৰঃ (B) প্ৰ'ট'প্লাজম
১৯। সিজোৱা মুৰ্গীৰ কণী এটাৰ আৱৰণ গুচালে দেখা পোৱা হালধীয়া অংশটো আৱৰি থকা বগা পদাৰ্থবিধ কি ?
(A) এলবুমিন
(B) চৰ্বি বা লিপিড
(C) লাইছ'জ'ম
(D) প্লাষ্টিড
উত্তৰঃ (A) এলবুমিন
২০। বিশেষ ধৰণৰ কাম সম্পাদন কৰিবলৈ গঠিত হোৱা একে ধৰণৰ কোষৰ সমষ্টিক কি বোলা হয় ?
(A) অঙ্গতন্ত্ৰ (Organ system)
(B) প্ৰ'ট'প্লাজম
(C) অঙ্গ (Organ)
(D) কলা (Tissue)
উত্তৰঃ (D) কলা (Tissue)
২১। উদ্ভিদ কোষত কোষাৱৰণক আৱৰি থকা অতিৰিক্ত টান আৰু ডাঠ আৱৰণখনক কি বোলা হয় ?
(A) টন'প্লাষ্ট
(B) কোষকেন্দ্ৰীয় আৱৰণ
(C) কোষবেৰ (Cell wall)
(D) চাইটোপ্লাজমীয় আৱৰণ
উত্তৰঃ (C) কোষবেৰ (Cell wall)
২২। তলৰ কোনটো চাইটোপ্লাজম বা কোষপ্ৰৱসত পোৱা এবিধ কোষাঙ্গ (Organelle) ?
(A) মাইট'কনড্ৰিয়া (Mitochondria)
(B) জিন
(C) ক্ৰম'জ'ম
(D) নিউক্ৰিঅ'লাছ
উত্তৰঃ (A) মাইট'কনড্ৰিয়া (Mitochondria)
২৩। কোষকেন্দ্ৰক চাইটোপ্লাজমৰ পৰা পৃথক কৰি ৰখা ছিদ্ৰযুক্ত আৱৰণখনৰ নাম কি ?
(A) কোষবেৰ
(B) কোষকেন্দ্ৰীয় আৱৰণ (Nuclear membrane)
(C) টন'প্লাষ্ট
(D) প্লাজমা আৱৰণ
উত্তৰঃ (B) কোষকেন্দ্ৰীয় আৱৰণ (Nuclear membrane)
২৪। উচ্চ শক্তি সম্পন্ন অণুবীক্ষণ যন্ত্ৰৰে চালে কোষকেন্দ্ৰৰ ভিতৰত দেখা পোৱা সৰু গোলাকাৰ অংশটোক কি বোলা হয় ?
(A) ৰসধানী
(B) অতিকোষকেন্দ্ৰ বা নিউক্ৰিঅ'লাছ (Nucleolus)
(C) চাইটোপ্লাজম
(D) প্লাষ্টিড
উত্তৰঃ (B) অতিকোষকেন্দ্ৰ বা নিউক্ৰিঅ'লাছ (Nucleolus)
২৫। উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থযুক্ত প্লাষ্টিডবোৰক কি বোলা হয় ?
(A) ৰসধানী
(B) লুক'প্লাষ্ট
(C) অতিকোষকেন্দ্ৰ
(D) হৰিৎকণা বা ক্লোৰ'প্লাষ্ট (Chloroplast)
উত্তৰঃ (D) হৰিৎকণা বা ক্লোৰ'প্লাষ্ট (Chloroplast)
২৬। উক্তি (A): স্নায়ুকোষসমূহ বা নিউৰনবোৰ অতি দীঘল আৰু শাখাযুক্ত হয়।
কাৰণ (R): স্নায়ুকোষে শৰীৰৰ বিভিন্ন অংশৰ পৰা বাৰ্তা সংগ্ৰহ কৰি নি নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।
(A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) A শুদ্ধ কিন্তু R অশুদ্ধ।
(D) A অশুদ্ধ কিন্তু R শুদ্ধ।
উত্তৰঃ (A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
২৭। উক্তি (A): এমিবাই নিজৰ শৰীৰৰ আকৃতি সলনি কৰিব পাৰে।
কাৰণ (R): এমিবাৰ শৰীৰৰ পৰা ওলোৱা কূটাপদে (Pseudopodia) ইহঁতক চলাচল কৰাত আৰু আহাৰ গ্ৰহণত সহায় কৰে।
(A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) A শুদ্ধ কিন্তু R অশুদ্ধ।
(D) A অশুদ্ধ কিন্তু R শুদ্ধ।
উত্তৰঃ (A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
২৮। উক্তি (A): প্লাষ্টিড নামৰ কোষাঙ্গসমূহ কেৱল উদ্ভিদ কোষতহে পোৱা যায়।
কাৰণ (R): উদ্ভিদক সালোক-সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে ক্ল'ৰ'ফিল প্ৰয়োজন, যি ক্ল'ৰ'প্লাষ্ট নামৰ প্লাষ্টিডত থাকে।
(A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) A শুদ্ধ কিন্তু R অশুদ্ধ।
(D) A অশুদ্ধ কিন্তু R শুদ্ধ।
উত্তৰঃ (A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
২৯। উক্তি (A): কোনো জীৱৰ শৰীৰৰ আকাৰ ডাঙৰ হ'লেই তাৰ কোষবোৰো ডাঙৰ হ'ব লাগে।
কাৰণ (R): কোষৰ আকাৰ জীৱটোৰ দেহাৰ আকাৰৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ ই সম্পাদন কৰা কাৰ্যৰ ওপৰতহে নিৰ্ভৰ কৰে।
(A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) A শুদ্ধ কিন্তু R অশুদ্ধ।
(D) A অশুদ্ধ কিন্তু R শুদ্ধ।
উত্তৰঃ (D) A অশুদ্ধ কিন্তু R শুদ্ধ।
৩০। উক্তি (A): বেক্টেৰিয়াক প্ৰ'কেৰিঅ'টিক জীৱ বুলি কোৱা হয়।
কাৰণ (R): বেক্টেৰিয়াৰ কোষপ্ৰৰস আৰু কোষকেন্দ্ৰৰ জীৱিত পদাৰ্থখিনিক একলগে প্ৰ'ট'প্লাজম বোলে।
(A) A আৰু R দুয়োটা শুদ্ধ আৰু R টো A ৰ শুদ্ধ ব্যাখ্যা।
(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) A শুদ্ধ কিন্তু R অশুদ্ধ।
(D) A অশুদ্ধ কিন্তু R শুদ্ধ।
উত্তৰঃ (B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R টো A ৰ শুদ্ধ ব্যাখ্যা নহয়।
